নগাঁও – পুনৰ নগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী। নগাঁও চহৰৰ ফৌজদাৰী পট্টিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এজন সৰবৰাহকাৰীক। ২৪ ঘণ্টাৰ ভিতৰত নগাঁও আৰক্ষীৰ এইয়া দ্বিতীয়টো বৃহৎ সাফল্য।

ড্ৰাগছৰ ঘটিত পৰিণত হৈছে নগাঁও জিলা। জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহৰ লগতে নগাঁও চহৰটো ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ অবৈধ বেহা। নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই সাফল্য লাভ কৰিছে যদিও বৰ্তমানেও ড্ৰাগছমুক্ত হোৱা নাই নগাঁও জিলা।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান। সোমবাৰে সন্ধিয়াৰ ভাগত নগাঁও আৰক্ষীয়ে ড্ৰাগছসহ তিনিজনকৈ সৰবৰাহকাৰীক আটক কৰাৰ পিছত মঙলবাৰে নগাঁও পুনৰ নগাঁও আৰক্ষীৰ অভিযান চলে ড্ৰাগছৰ বিৰুদ্ধে।

মঙলবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ অলকাছ খান ওৰফে জেবু খানৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে অলকাছ খান ওৰফে জেবু খানৰ ঘৰৰ পৰা ড্ৰাগছৰ লগতে ড্ৰাগছ বিক্ৰীত ব্যৱহাৰ কৰা কন্টেইনাৰও জব্দ কৰে। আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহত জড়িত অলকাছ খান ওৰফে জেবু খান জালত পৰে।

উল্লেখ্য যে সোমবাৰে নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এগৰাকী মহিলাসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল।সোমবাৰে সন্ধিয় নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে নগাঁৱৰ চলচলিত অভিযান চলাই ড্ৰাগছসহ এগৰাকী মহিলাসহ ছাইফুল ইছলাম আৰু জমিৰ আলী নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply