নগাঁৱত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁও – নগাঁৱত জননেতা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অস্থি লৈ আৰম্ভ হ’ল সদ্ভাৱনা যাত্ৰা। নগাঁও জিলা কংগ্ৰেছৰ সৰ্বধৰ্ম প্ৰাৰ্থনা। স্মৃতিগ্ৰন্থ আৰু তথ্যচিত্ৰ উন্মোচন।

ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা তৰুণ গগৈৰ স্মৃতিত নগাঁৱত মঙলবাৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি লৈ আৰম্ভ কৰা শান্তি সম্ভাৱনা যাত্ৰা আহি উপস্থিত হয়। নগাঁও জিলা কংগ্ৰেছৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পত্নী ডলী গগৈ, সাংসদ পুত্ৰ গৌৰৱ গগৈসহিতে পৰিয়ালৰ লোকসকলে অংশগ্ৰহণ কৰে।

বন্তি প্ৰজ্বলন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা, বিধায়ক নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা আদিৰ লগতে কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মী আৰু গুণমুগ্ধ উপস্থিত থাকে। এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি “শ্ৰদ্ধাৰ পৰা শ্ৰদ্ধাঞ্জলি” শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰাৰ লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা দুখনকৈ তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

ইফালে এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ উপলক্ষে বিশেষভাৱে সজাই-পৰাই তোলা হয় নগাঁৱৰ ৰাজীৱ ভৱন। নগাঁও জিলা কংগ্ৰেছৰ এই শোকাকুল পৰিৱেশৰ অনুষ্ঠানত আৱেগ বিহ্বল হৈ পৰে সকলো। নগাঁও ৰাজীৱ ভৱনৰ এই অনুষ্ঠানত যথেষ্টসংখ্যক লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply