নগাঁৱত লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি

নগাঁও – নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈ মঙলবাৰে নিশা উপস্থিত হয় নগাঁৱত। নিশা নগাঁও চহৰৰ হোটেল ‘নগাঁও পইণ্ট’ত উপস্থিত হোৱাৰ সময়ত দলীয় কৰ্মীৰ লগতে সমৰ্থকসকলে উষ্ম আদৰণি জনায় অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈক।

ককাইদেউ জিন্দাবাদ ধ্বনিৰে আদৰণি জনোৱাৰ লগতে সমৰ্থকসকলে অসমীয়াৰ স্বাভিমান গামোচা, জাপিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে এজেপি নেতা লুৰিণজ্যোতি গগৈক। নগাঁৱত উপস্থিত হৈ আঞ্চলিক ৰাজনৈতিক দলটোৰ নেতা লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ দলকে ধৰি ৰাষ্ট্ৰীয় দলৰ সৈতে বুজাবুজি নথকা প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদৰ মিত্ৰতা হ’ব বুলি মন্তব্য কৰে।

লুৰিণজ্যোতি গগৈয়ে বৰ্তমান চৰকাৰে কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰকমূলকভাৱে কাৰাবন্দী কৰি ৰখাৰ কথা উল্লেখ কৰি বিনাচৰ্তে অখিল গগৈৰ মুক্তিৰ দাবী জনায়। অসম জাতীয় পৰিষদক ভ্ৰাম্যমান থিয়েটাৰৰ লগত তুলনা কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তুচ্ছ তাচ্ছিল্য কৰি ভ্ৰাম্যমাণৰ কলা কুশলীক অপমান কৰা বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply