নগাঁও – এফালে লৰাক বুলেট দিয়াৰ চৰ্চা আনফালে স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ। নগাঁৱত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ। স্কুটি প্ৰদানৰ নামত ৰাজনৈতিক টোপ দিয়াৰ অভিযোগ প্ৰতিবাদকাৰী ছাত্ৰী সকলৰ।
নগাঁৱত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰী সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। কলেজীয়া ছাত্ৰীক স্কুটি প্ৰদানৰ নামত ৰাজনৈতিক টোপ দিয়াৰ অভিযোগ উত্থাপন কৰি নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কলেজীয়া ছাত্ৰীয়ে। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ আশ্বাস দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।
সোমবাৰে নগাঁও মহাবিদ্যালয় চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতো স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীসকলে। ২০১৯ বৰ্ষৰ ছাত্ৰী স্কুটি প্ৰদান নকৰাকলৈও ক্ষোভিত হৈ পৰে ছাত্ৰীসকল। স্কুটি প্ৰদানৰ নামত চৰকাৰে ৰাজনৈতিক টোপ দিয়া বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰীসকলে।