নগাঁওঃ সৰ্বভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু নগাঁৱৰ আৰ্ট ভিলেজৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰকলা আৰু ভাস্কৰ্যৰ লগতে আলোচনাচক্ৰৰ আয়োজন কৰা হয়। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে।
অনুষ্ঠানৰ আৰম্ভনীতে বড়ো, কাৰ্বি, তিৱা জনজাতীয় নৃত্যৰ লগতে অসমৰ বিহু পৰিৱেশন কৰা হয়।

নগাঁও জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই চিত্ৰকলা শিবিৰ, আৰু শিল্পকলাক লৈ আলোচনাচক্ৰত অংশগ্ৰহণ কৰে অসমৰ লগতে পশ্চিমবংগ, নতুন দিল্লী, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদিৰ ষাঠিজন চিত্ৰকৰ আৰু ভাস্কৰে।

অসমৰ শিৱপ্ৰাসাদ মাৰাৰ, আফতাৰ আলী, সুজিত দাস আৰু কলিকতাৰ বিনয় দলে, ইন্দ্ৰজিৎ নাৰায়ণ, সুশান্ত চৰকাৰ ত্ৰিপুৰাৰ জয়দীপ ভট্টাচাৰ্য্যী, কৰ্ণাটকৰ শিমূল ভদিয়া, নতুন দিল্লীৰ মধু বাসুদেৱন, উত্তৰ প্ৰদেশৰ দীনেশ মজুমদাৰ, মহাৰাষ্ট্ৰৰ সোমা মিত্ৰ, আমেৰিকাৰ কস্তুৰী চেটাৰ্জীকে ধৰি কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰে।

সৰ্বভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰিষদৰ সহকাৰী সম্পাদক শান্তনু সেনগুপ্ত, আৰ্ট ভিলেজৰ সচিব সুজিত দাস আৰু জ্যোতি একাডেমীৰ সাংস্কৃতিক সম্পাদক তথা জ্যোতি আৰ্ট স্কুলৰ চেন্টাৰৰ প্ৰতিষ্ঠাপক মানৱ জ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট লেখক ভীষ্মদুৰ্লভ মহন্ত, শিশুবন্ধু দুলাল বৰা, কবি খগেন শইকীয়া উপস্থিত থাকে।

কলিকতাৰ প্ৰখ্যাত চিত্ৰশিল্পী সুশান্ত চৰকাৰে উক্ত অনুষ্ঠানটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন চিত্ৰ অংকন কৰে। বিভিন্ন চিত্ৰশিল্পীয়ে তেওঁলোকৰ চিত্ৰশৈলীৰে এই অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply