আৰক্ষীৰ জালত ধৰ্ষণকাৰী

কঠিয়াতলী– অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ কঠিয়াতলীত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত। গণৰাজ্য দিৱসৰ দিনা কছাৰী গাঁৱত সংঘটিত হৈছিল এই ধৰ্ষণৰ ঘটনা৷ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰিছিল সুৰুজ ৰাভা নামৰ লম্পটটোৱে।

এই ঘটনাৰ উচিত শাস্তি বিচাৰি শতাধিক মহিলাই অভিযুক্ত লম্পট সুৰুজ ৰাভাৰ ঘৰ ঘেৰাও কৰি উত্তেজনাৰ সৃষ্টি কৰিছিল ৷

বৃহস্পতিবাৰে নিশা নগাঁৱৰ পৰা নৈশ বাছ যোগে ছট্টিশগড়লৈ যোৱাৰ পথত কঠিয়াতলী আৰক্ষী পৰিদৰ্শক কৈলাশ নেৱাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ম’বাইল ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰে শিশু ধৰ্ষনকাৰীটোক।

নিশা আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট সুৰুজ ৰাভাক ৷ ইতিমধ্যে কঠিয়াতলী আৰক্ষীয়ে 25/21 U/S 365/376 AB IPC Sec 4 Pocso Act নম্বৰৰ আধাৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply