নগাঁৱৰ কঠিয়াতলীত পথ দূৰ্ঘটনা ,এজনৰ মৃত্যু

কামপুৰ: সোমবাৰে নগাঁৱৰ কঠিয়াতলী এঘাৰ মাইলত এক শোকাবহ পথ দূৰ্ঘটনা সংঘঠিত হয়৷ তীব্ৰ বেগী ব’লেৰ পিকআপ ভানে মহতিয়াই নিলে এজন লোকক ৷ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় লোক জনৰ ৷ নিহত লোকজনৰ নাম জাকিৰ হুছেইন ৷

৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হবলৈ ডিভাইদাৰত ৰৈ আছিল লোক জন ৷ AS01 LC 4266 নম্বৰৰ গাড়ীখনে তীব্ৰ বেগত আহি ডিভাইদাৰৰ ওপৰতে মহতিয়াই নিয়ে লোকজনক ৷ স্থানীয় লোকে চালক সহ বাহন খন জব্দ কৰি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে অভিযুক্ত চালকজনক আটক কৰি থানাত আবদ্ধ কৰি ৰাখিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply