নিৰুদ্দিষ্ট কৃষ্ণ বৈশ্য Credit: ইষ্ট ম'জ'

নগাওঁ- নগাঁৱত যুৱক সন্ধানহীন। বুধবাৰৰ পৰা সন্ধানহীন হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱকজন। নগাঁৱৰ কঠিয়াতলীৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত আছিল যুৱকজন।

বুধবাৰে বেংকটোত কৰ্মৰত কৃষ্ণৰ এজন সহকৰ্মীয়ে কৃষ্ণই দিনৰ ৩ বজাৰ পিছৰ পৰা কাৰ্য্যালয়ত উপস্থিত নোহোৱাৰ কথা অৱগত কৰে বেঙ্ক কৰ্তৃপক্ষ আৰু কৃষ্ণৰ পৰিয়ালক। কৃষ্ণৰ ম’বাইল ফোনত কেইবাবাৰো যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও কোনো সহাঁৰি পোৱা নাই পৰিয়ালৰ লোক – নগাঁও আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো থানাত এজাহাৰ দাখিল কৰিছে।

২৭ বছৰীয়া এই যুৱকজন বিগত ৪ বছৰ ধৰি কৰ্মৰত হৈ আছে নগাঁৱৰ কঠিয়াতলি শাখাৰ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকত।

কৃষ্ণৰ মোবাইল ফোনত কেইবাবাৰো যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও কোনো সহাঁৰি পোৱা নাই পৰিয়ালৰ লোক অথবা নগাঁও পুলিচ প্ৰশাসনে।

উল্লেখ্য যে, কৃষ্ণই কঠীয়াতলীৰ বিভিন্ন ঠাইৰ পৰা দৈনিক গ্ৰাহকৰ ধন সংগ্ৰহ কৰি বেংকত জমা কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply