নগাঁও– নগাঁৱৰ ধিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। নিহত লোকজন নগাঁৱৰ জাজৰিৰ নেকিবুৰ ৰহমান। ধিং গেটৰ উৰণীয়া সেঁতুৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চাৰিচকীয়া বাহনখন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS 02 U 5643 ।
নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ অনুসন্ধান আৰম্ভ কৰিছে।