নগাঁৱৰ বামুনীত আঘাতপ্ৰাপ্ত হাতীৰ পোৱালি উদ্ধাৰ

নগাঁও – নগাঁৱৰ বামুনীত হাতী পোৱালিৰ চিৎকাৰ। আঘাতপ্ৰাপ্ত হাতীৰ পোৱালিটোক উদ্ধাৰ কৰে বন বিভাগে। দ খাৱৈত বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীৰ পোৱালিটো।

নগাঁও জিলাৰ বামুনীৰ তপতজুৰিত এক অসহায় অৱস্থাৰ সন্মুখীন হয় এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি। বনৰীয়া হাতীৰ জাকৰ মাজত যুঁজ লাগি দ খাৱৈত বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীৰ পোৱালিটো। দ খাৱৈত অসহায় অৱস্থাত চিৎকাৰ কৰা হাতীৰ পোৱালিটো উদ্ধাৰ কৰাৰ বাবে স্থানীয় লোকে বন বিভাগৰ লোকক খবৰ দিয়ে।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ২ ঘন্টাৰ চেষ্টাৰ অন্তত দ খাৱৈৰ পৰা হাতীৰ পোৱালিটোক উদ্ধাৰ কৰে। বৰ্তমান সংকটজনক অৱস্থাত থকা হাতীৰ পোৱালীটোক বন বিভাগৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছে।

আঘাতপ্ৰাপ্ত হাতী পোৱালীটোক উন্নত চিকিৎসাৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰিছে স্থানীয় লোকৰ লগতে বন বিভাগৰ লোকে। ইফালে বনৰীয়া হাতীৰ জাকৰ মাজৰ পৰা দ খাৱৈত পৰা হাতীৰ পোৱালীটোক বিচাৰি হাঁহাকাৰ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে। জানিব পৰা মতে নগাঁও জিলাৰ চামগুৰিত প্ৰায় ১৫০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply