নগাঁও: দুদিনৰ পূৰ্বে নগাৱত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলীৰ পিছতে শুকুৰবাৰে কংগ্ৰেছৰ ফালৰ পৰাও বাইক- চাইকেল ৰেলীৰ আয়োজন কৰে | নগাৱত কংগ্ৰেছে আয়োজন কৰা এই ৰেলীক নাম দিয়ে সংকল্প যাত্ৰা৷ নগাৱঁৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ নেতৃত্বত সমষ্টিটোৰ প্ৰায় ২ সহস্ৰাধিক কংগ্ৰেছ সমৰ্থকে বাইক ৰেলী কৰি সমষ্টিটোত সংকল্প যাত্ৰা কৰে৷ উক্ত যাত্ৰাত অংশ লয় প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক, বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনে ৷
