নগাঁও – কৃষকৰ ওপৰত আৰক্ষীৰ লাঠি চালনা। কৃষকক উচ্ছেদক লৈ নগাঁৱৰ মিকিৰ বামুনী গ্ৰাণ্টত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ লাঠি চালনাত আহত মহিলাসহ কেইবাজনো কৃষক।
নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিৰ পৰা কৃষকক উচ্ছেদক লৈ মঙলাবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বছৰ বছৰ ধৰি ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষিভূমিত কৃষিকার্যৰে জীৱিকা অর্জন কৰি অহা মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰি এটা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ চেষ্টা কৰাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে মিকিৰ বামুনী গ্ৰাণ্ট।
বৃহৎ আৰক্ষীৰ এটা দল উপস্থিত হৈ দখলকৃত কৃষকক উচ্ছেদ কৰিব বিচৰা কাৰ্যত বাধা প্ৰদানৰ চেষ্টা কৰে একাংশ কৃষকে। ইয়েকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকৰ ওপৰত লাঠিচালনা কৰে আৰক্ষী বাহিনীয়ে। আৰক্ষীৰ প্ৰহাৰত গুৰতৰভাৱে আহত হয় মহিলাসহ বহুকেইজন কৃষক।
আহত লোকসকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ব্যক্তিগত কোম্পানীক বৃহৎ কৃষিভূমি প্ৰদান নকৰাৰ দাবীত বিগত কিছুদিন ধৰি মিকিৰ বামুনী গ্ৰাণ্টত প্ৰতিবাদ চলাই আহিল কৃষক সকলে। ইয়াৰ মাজতে হঠাৎ কৃষকসকলক উচ্ছেদ কৰিব বিচৰা কার্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।