নগাৱত ড্ৰাগছৰ বলী হ'ল এইবাৰ আৰক্ষী কনিষ্টবলৰ পুত্ৰ Credit: ইষ্টম'জ'

নগাঁও- নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত যেন পৰিণত হৈছে নগাঁও। নগাঁও চহৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ বেহাৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰায়েই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে যদিও ড্ৰাগছৰ ৰমৰমীয়া বেহা লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহল।

নগাঁও চহৰত পুনৰ সংঘটিত হয় আন এক চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে পুৱাই পথৰ দাঁতিত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। হাতত নিষিদ্ধ ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

মৃতদেহটো এগৰাকী আৰক্ষী কনিষ্টবলৰ পুত্ৰ সুশীল বৰা বুলি চিনাক্ত হৈছে। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply