নগাৱত পথ দূৰ্ঘটনাত এজন নিহত

নগাঁও:- নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত পথ দুৰ্ঘটনা ।

ASN2917 নম্বৰৰ মাটি কঢ়িওৱা এখন ট্ৰাকে মহতিয়াই নিয়ে স্কুটি আৰোহীক ।

ঘটনাস্থলীত নিহত স্কুটি আৰোহী জন।

স্কুটি খনত এজনী কণমানি ছোৱালী আছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণমানি জনী । স্কুটি খনৰ নম্বৰAS02 Z 5946

নিহত ব্যক্তিজন ৰাজীব বৰা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ ওচৰত নিষ্ঠুৰ নিয়তি।কৰুণ মৃত্যুক সাৱটি লয় ৰাজীৱ বৰা নামৰ যুৱক জনে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰাজীৱ বৰাৰ পত্নী নিৰ্মালী বৰাই নগাঁও চহৰৰ হয়বৰগাঁৱতে যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই কৰ্তব্যৰত অৱস্থাতে নিৰ্মালী  সংজ্ঞাহীন হৈ পৰে। ৰাজীব বৰা এ পি চি ডি এলৰ কৰ্মচাৰী আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply