নতুন অসম বিধানসভা ভৱন Credit: ইষ্টম'জ'

নিউজ ডেস্ক: অসম বিধান সভাৰ ইতিহাসত আজিৰে পৰা আৰম্ভ হয় এক সোণোৱালী অধ্যায়। বিধানসভাৰ অত্যাধুনিক নতুন ভৱন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। নতুন ভৱনৰ পৰাই শণিবাৰে এইবাৰৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী চলে ।নতুন ভৱনটো যথেষ্ট আটকধুনীয়া আৰু অত্যাধুনিক ৰূপত সজাই–পৰাই তোলা হৈছে৷ বেৰত বৃন্দাবনী বস্ত্রৰ ৰূপৰেখা খোদিত কৰা হৈছে

অন্তিম দিনা ৰাজ্যপালৰ ভাষণ বিতৰ্কত অংশ লয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে । নতুন ভৱনত অনুষ্ঠিত হোৱা এই তৃতীয় দিনৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰতিবাদ জনাই ২১তো আমিয়েই চৰকাৰ গঠন কৰিম বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয়,

‘আমি হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্য শাসন কৰিবলৈ অহা নাই। SI কেলেংকাৰীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, SI কেলেংকাৰীৰ কথা গম পোৱাৰ পিছতেই বাতিল কৰা হৈছিল পৰীক্ষা ।৮৭ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰা হৈছিল । ‘ইয়াত আমাৰ কোনো অসৎ অভিপ্রায় নাই’ ।

বাদ পৰি যোৱা বিদ্যালয় প্রাদেশিকীকৰণৰ বিষয়ে আলোচনা কৰে ৰাজ্য চৰকাৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply