ডুবি মালিপাৰাৰ পৰা বিশাল বাইক ৰেলীৰে পাঠশালাত হিমন্ত বিশ্ব শৰ্মা

বজালী: অসম চৰকাৰে বজালীক এখন পূৰ্ণাংগ জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ এদিন পিছতে অৰ্থাৎ বুধবাৰে বজালীত কেবাটাও কাৰ্যসূচী লৈ উপস্থিত হল অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

বজালীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডুবি মালিপাৰাৰ পৰা বিশাল বাইক ৰেলীৰে পাঠশালাত উপস্থিত মন্ত্ৰীগৰাকী কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অংশ লয় । বজালী মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন নিৰ্মাণৰ ভূমিপূজনত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

পুৱাৰ ভাগতে মন্ত্ৰীগৰাকীয়ে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে ঐতিহাসিক ডুবি পৰিহৰেশ্বৰ দেৱালয়ত উপস্থিত হয় । দেৱালয়ত পূজা অৰ্চনা কৰাৰ পিছত উপস্থিত ৰাইজৰো সম্বৰ্ধনা গ্ৰহণ কৰে ।

ইয়াৰ পিছতে দেৱালয়ৰ বাৰ্ষিক কেলেণ্ডাৰ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে । দেৱালয়ৰ পৰা মন্ত্ৰীগৰাকীয়ে পোনে পোনে মালিপাৰাত উপস্থিত হৈ লোক নিৰ্মান বিভাগৰ অন্তৰ্গত পাঠশালাৰ পৰা সৰ্থেবাৰী সংযোগী জিনাৰাম পথটো নিৰ্মাণৰ কাম উদ্বোধন কৰে ।

উল্লেখ্য যে কেবা দশকজুৰি এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বাৰুকৈয়ে জ্বলা কলা খাই আহিছিল বৃহত্তৰ বজালীৰ সৰ্বসাধাৰণ ৰাইজে ।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে এক বিশাল বাইক ৰেলীৰে পাঠশালাত বজালী মহকুমা অসামৰিক চিকিৎসালয় ভৱনৰ নতুন ভৱনৰ ভূমিপূজন আৰু নিৰ্মানৰ মাংগলিক কাৰ্যৰ শুভাৰম্ভ কৰে । স্বাস্থ্য মন্ত্ৰীৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে উপস্থিত থাকে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply