হাটশিঙিমাৰী: অসম চৰকাৰে নতুন কৈ প্ৰবৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে । পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ চৰকাৰক অনুৰোধ প্ৰবক্তা সকলৰ ।
নতুন পেঞ্চন নীতিয়ে বিপদত পেলোৱাৰ আশংকা মহাবিদ্যালয়ৰ প্ৰবক্তা সকলৰ । পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰাখি প্ৰবক্তা সকলক সকাহ দিয়াৰ দাবী জনায় প্ৰবক্তাসকলে ।নতুন পেঞ্চন নীতিৰ জৰিয়তে পাবলগীয়া মাননীয়ে প্ৰবক্তাসকল বিপদত পৰিব বুলি আশংকা প্ৰকাশ কৰিছে । হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।