নদীৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুত্‍ প্ৰকল্প কৰিব নোৱাৰিব

নিউজ ডেক্স: নদীৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুত্‍ প্ৰকল্প‍ হ’ব নোৱাৰিব |এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ | নৈৰ জৈৱ বৈচিত্ৰ্য বজাই ৰখাৰ হকে জলবিদ্যুত্‍ প্ৰকল্প বা নদীবান্ধৰ পৰা নামনি অংশত নূন্যতম পানী এৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিৰ্দেশ দিছে | অসম, অৰুণাচল, উত্তৰাখন্ড, পশ্চিমবংগ, ছিকিম আৰু জম্মু কাশ্মীৰৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে | প্ৰয়োজন সাপেক্ষে জলবিদ্যুত্‍ প্ৰকল্পসমূহৰ সালসলনিৰ কথাও কোৱা হৈছে |ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বাধীন খন্ড বিচাৰপীঠে দিয়া গুৰুত্বপূৰ্ণ মন্তব্যত কয়, ‘নদীৰ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ বজাই ৰখাতো বাধ্যতামূলক | ব্যবসায়িক কাম কাজ নদীৰ অস্তিত্বৰ উৰ্ধ্বত হ’ব নোৱাৰিব | জীৱনৰ অধিকাৰ সুনিশ্চিত কৰাহে উন্নয়নমূলক কাম কাজৰ অন্যতম লক্ষ্য |”

হিমাচলৰ বিজয় কুমাৰ নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন আবেদনৰ ভিত্তিত ন্যায়াধিকৰণে এই ৰায়দান কৰে | ৰাষ্ট্ৰীয় জলবিদ্যুত্‍ শক্তি নিগমে নদীৰ নামনি অংশত নূন্যতম পানী সৰবৰাহ কৰাৰ বিষয়টোত যুক্তি আগবঢ়াইছিল যদিও ন্যায়াধীশ গোৱেলৰ নেতৃত্বাধীন খন্ড বিচাৰপীঠ খনে এই যুক্তিক নস্যাত্‍ কৰি নদীৰ নামনি অংশত সদায় কমেও ১৫ শতাংশ পানী সৰবৰাহ কৰাৰ হকে ৰায় দিয়ে | ইয়াৰ বাবে জলবিদ্যুত্‍ প্ৰকল্পসমূহত কাৰিকৰী ফালৰ পৰা যদি কিবা সলনি কৰিব লাগে তাক সলনি কৰিবলৈ নিৰ্দেশ দিছে খন্ড বিচাৰপীঠ খনে | ইয়াৰ আগতেও ৰাষ্ট্ৰীয় সেউজ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ক দিয়া নিৰ্দেশনাক আজিকোপতি কোনো উত্তৰ নিদিয়াক লৈ ক্ষোভ ব্যক্ত কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply