সোণাৰী: শতবৰ্ষ গৰকা সোণাৰি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো দেওবাৰে উদ্বোধন কৰে। অসম চৰকাৰৰ ”মৈত্ৰী আঁচনি”ৰ অধীনত নিৰ্মাণ কৰা হৈছে নৱনিৰ্মিত ভৱনটো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেলী উদ্বোধন কৰে সোণাৰি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো।
এই উদ্দেশ্যে সোণাৰি আৰক্ষী থানাত উদ্বোধনী অনুষ্ঠান সম্পন্ন। অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।