বান গৰাখহনীয়া আৰু বহু সমস্যা সমাধানৰ দাবীত বিশ্বনাথত আমছুৰ সংবাদ মেল

বিশ্বনাথ- নতুন বৰ্ষৰ আৰাম্ভণিতে প্ৰতিবাদৰ বাবে সাজু হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতি । নতুন বৰ্ষৰ আৰাম্ভণিতে প্ৰতিবাদ সাৱস্ত্য কৰাৰ বাবে সাজু আমছু ।

দৰাচলতে ১৯৯০ চনৰ পৰা ২০২০ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰলয়ংকাৰী বানে জল সম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ অন্তৰ্গত বিশ্বনাথৰ পানপুৰ অঞ্চলৰ লাখ লাখ হেক্টৰ কৃষি ভূমি খহায় লোৱাৰ ফলত হাজাৰ হাজাৰ মানুহৰ নিজা বাসগৃহ , মাটি ভেটি ঘৰ দুৱাৰ হেৰুৱায় বিভিন্ন সমস্যা সন্মুখীন হ’ব লগীয়া হৈছে । কাল ৰূপি বানৰ তাণ্ডবৰ বাবে জামুগুৰিৰ পৰা পানপুৰ পৰ্যন্ত বিস্তীৰ্ণ অঞ্চলৰ জনসাধাৰণ দিশহাৰা হৈ আহিছে । এই ক্ষেত্ৰত বিভিন্ন সচেতন মহলৰ লগতে আমছুৱে বহু প্ৰতিবাদৰ লগতে দাবী জনায় আহিছে বান গৰাখহনীয়া সমস্যাটোক স্থায়ী ভাৱে সমাধানৰ বাবে কিন্তু আজিলৈকে সমাধান নহ’ল এই দীৰ্ঘদিনীয়া সমস্যাটি । সংবাদ মেলত ক্ষোভ ওজাৰে আমছু বিশ্বনাথ জিলা সমিতিয়ে ।

বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা , বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যা স্থায়ী ভাৱে সমাধানৰ ব্যৱস্থা কৰাৰ দাবী জনায়।

অসম চৰকাৰে যোৱা ১৩ ডিচেম্বৰত ঘোষণা কৰা বানত ক্ষতিগ্ৰস্ত সকলক ক্ষতিপুৰণ হিচাপে এক লাখ টকা আৰু এক লাখ পঞ্চাছ হাজাৰ টকাৰ আঁচনি বন্ধ কৰি সেই টকাখিনি ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়া সমস্যাটোক স্থায়ী ভাৱে সমাধান কৰাৰ কামত ব্যৱহাৰ কৰাৰ বাবে জিলা সমিতিয়ে সংবাদ মেলত চৰকাৰৰ ওচৰত দাবী জনায়।

ইফালে আগন্তুক নৱবৰ্ষৰ আৰাম্ভণিতে পানপুৰ গৰাখহণীয়া অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতো যদি কোনো সহাৰি তথা সমস্যা সমাধানৰ কোনো দিশ উন্মোচিত নহয় তেতিয়া ৰাজপথত জংগী আন্দোলন কৰিবলৈ সাজু থাকিব বুলি জানিবলৈ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply