নলবাৰী– নলবাৰী জিলাত অবৈধ ভাবে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ ইউৰীয়া উদ্ধাৰ হোৱা ঘটনাই চকু কপালত তুলিছে স্থানীয় ৰাইজৰ |
নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁৱৰ নিৰ্দেশমৰ্মে জিলা কৃষি বিভাগে দৌলাশাল আৰক্ষী চকীৰ অন্তর্গত কাপলাবডীত আকস্মিক অভিযান চলাই বিক্রীৰ বাবে অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ জব্দ কৰাৰ লগতে গুদাম এটা ছীল কৰে৷
কাপলাবডী চ’ক বজাৰৰ ‘মাৰ আশীর্বাদ বীজ ভাণ্ডাৰত’ চলোৱা অভিযানত কৃষকৰ বাবে সুলভ মূল্যত যোগান ধৰা ইউৰিয়া সাৰ অবৈধভাৱে বিক্রী কৰি থকাৰ তথ্য পোহৰলৈ আহে | ব্যৱসায়িক প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনৰ গুদাম ঘৰত অভিযান চলোৱাত অবৈধভাৱে মজুত কৰি ৰখা বুজন পৰিমাণৰ ইউৰিয়া সাৰ উদ্ধাৰ কৰে | গুদামটোত উদ্ধাৰ হোৱা ইফকো কোম্পানীৰ ইউৰিয়া সাৰখিনি পৰৱর্তী সময়ত কৃষি বিভাগৰ দলটোৱে জব্দ কৰি গুদামটো ছীল কৰি দিয়ে৷ জব্দ কৰা ইউৰিয়া সাৰখিনিৰ (২১৩ বেগ) আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব৷ ‘মাৰ আশীর্বাদ বীজ ভাণ্ডাৰৰ’ স্বত্বাধিকাৰী জাকিৰ হুছেইনে যাৱতীয় অনুজ্ঞা(IFMS ID) অবিহনে আন জিলাৰ পৰা কৃষকৰ বাবে যোগান ধৰা সুলভ মূল্যৰ সাৰখিনি অবৈধভাৱে ক্রয় কৰি আনি অধিক দামত ক’লা বজাৰত বিক্রী কৰি আহিছিল৷
নলবাৰী জিলাৰ ভাৰপ্রাপ্ত কৃষি বিষয়া লক্ষ্মী দত্তৰ নেতৃত্বত বৰক্ষেত্রী ৰাজহ চক্র বিষয়া কণকণ শর্মাৰ উপস্থিতিত কৃষি বিভাগৰ দল এটাই দৌলাশাল আৰক্ষীৰ সহযোগত কাপলাবডীৰ কেইবাটাও বীজ ভাণ্ডাৰত অভিযান চলাই এই সামগ্ৰী সমূহ উদ্ধাৰ কৰে |