Bank robbery in Nalbari

নলবাৰী- নলবাৰী জিলাৰ অমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত নৱেম্বৰ মাহৰ ২১ তাৰিখে দিন দুপৰতে বেংকৰ পৰা লুটি নিছিল ৫০ লাখতকৈ অধিক ধন।শেহতীয়া ভাৱে নলবাৰী আৰক্ষীয়ে এই ডকাইতি কাণ্ডৰ লগত জড়িত কেইবাজনো আটক কৰিছিল। আজি ডকাইতৰ গেং লৈ নলবাৰী আৰক্ষী উপস্থিত হল ডকাইত কৰা পাঞ্জাৱ নেচনেল বেংকত।

ডকাইতে এফালৰ পৰা দেখুৱাই গ’ল কেনেদৰে অভিযান চলাইছিল তাৰ বিবৰণ | আজি এই ডকাইতৰ দলক লৈ নলবাৰী আৰক্ষী উপস্থিত হোৱাত হাজাৰ হাজাৰ লোকে ডকাইত চাবলৈ আহিল একাংশ স্থানীয় লোকে নলবাৰী আৰক্ষী জিন্দাবাদ দিয়াও পৰিলক্ষিত হল।আনহাতে ডকাইতে কিদৰে ঘটনা সংঘটিত কৰিছিল সকলো বন্দী হ’ল কেমেৰাত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply