নলবাৰীত ডকাইটি কাণ্ড

নলবাৰী- নলবাৰী অমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইটিৰ ঘটনা। দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা লুটি নিলে ৬০ লাখ টকা।

গুলী ফুটাই চাৰিজনীয়া এটা দলে লৈ গ’ল ধন। ডকাইতৰ গুলীত আহত এজন৷ আহতজন নয়ন দাস বুলি জানিব পৰা গৈছে৷

ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী অধীক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষীবিষয়া।

বেংকৰ ভিতৰৰ পৰা উদ্ধাৰ এটা সক্ৰিয় নাইন এম এমৰ গুলী৷ বৰ্তমানলৈকে আৰক্ষীয়ে ডকাইটৰ দলটোৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply