গুৱাহাটী – নাং নয়নমণি গগৈ আৰু প্রতিবিম্ব লাইভৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ। দিছপুৰ থানাত গোচৰ ৰুজু কৰিলে চাৰি গৰাকী সচেতন যুৱকে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোৰ ফেচবুকত আপলোড কৰি বিকৃতি কৰিছিল নাং নয়নমণি গগৈ নামৰ এগৰাকী যুৱতীয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফটো ফেচবুকত আপলোড কৰি বিকৃত কৰা আৰু এই বিকৃত ফটোক কেন্দ্ৰ কৰি বিকৃতি আৰু অশ্লীল বাতৰি পৰিবেশন কৰাৰ এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে। নাং নয়নমণি গগৈ নামৰ এগৰাকী যুৱতীয়ে মন্ত্ৰী গৰাকীৰ ফটো বিকৃত কৰি ফেচবুকত আপলোড কৰিছিল আৰু প্রতিবিম্ব লাইভ নামৰ এটা ৱেবপৰ্টেলে এই ফটোক কেন্দ্ৰ কৰি এক বিকৃত বাতৰি পৰিবেশন কৰিছিল।

সামাজিক মাধ্যমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্রতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলে পৰিবেশন কৰা এই নিকৃষ্ট বাতৰিত অসমবাসী ৰাইজে ধিক্কাৰ দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। ইয়াৰ মাজতে এনে ধৰণৰ নিকৃষ্ট ঘটনাৰ বিৰুদ্ধে ওলাই আহিছে চাৰিজনকৈ সচেতন যুৱক।নিহাৰেন্দ্ৰ শৰ্মা, অমৃত কুমাৰ দাস, জছপাল সিং আৰু তুলতুল ৰাও নামৰ যুৱক চাৰিজনে পৃথকে পৃথকে বহুকেইটা গোচৰ ৰুজু কৰিছে দিছপুৰ থানাত।

যুৱক চাৰিজনে প্ৰতিবিম্ব লাইভ আৰু নয়নমণি গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে যদিও ইতিমধ্যে ভুৱা বাতৰি প্ৰকাশ কৰাৰ অপৰাধত প্রতিবিম্ব লাইভৰ দুই সাংবাদিকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্রতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলৰ মুখ্য সম্পাদক তৌফিকুদ্দিন আহমেদ আৰু বাৰ্তা সম্পাদক আছিফ ইকবালক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। ইফালে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীকো শিৱসাগৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply