সাংবাদিক সতীৰ্থ সন্মিলন Credit: ইষ্ট ম'জ'

নাওঁজান– নাওঁজানত সাংবাদিক সতীৰ্থ সন্মিলনৰ আয়োজন। নাওঁজান ৰাজহুৱা ভৱনত ২১ ফেব্ৰুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে ধনশিৰি মহকুমা ডিজিটেল সাংবাদিক সন্থাই আয়োজন কৰিছে এই অনুষ্ঠানৰ।

শ্বহীদ তৰ্পণ,বৃক্ষ ৰোপনৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত এক চিত্ৰাংঙ্কন প্ৰতিযোগিতাৰ এই অনুষ্ঠানত আয়োজন কৰা হৈছে।

গোলাঘাটৰ বিশিষ্ট যুৱ সাংবাদিক সমাজকৰ্মী দিগন্ত ভূঞাৰ সঞ্চালনত অনুষ্ঠিত হ’বলগীয়া সতীৰ্থ সন্মিলনত বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰ, অৰন্যমানৱ যাদৱ পায়েং বিশিষ্ট অতিথি, অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ,সাংসদ গৌৰৱ গগৈ,ৰজলিনা তিৰ্কি,জীৱন চুতীয়া,বিশ্বজিত ফুকন,বিধায়ক নোমল মমিন, বিনোদ গোৱলা,অমিয় কুমাৰ বৰা ,ৰাজু ফুকন,ৰাজিৱ শ‌ইকীয়াকে ধৰি বহু কেইটা দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহন কৰিব।

এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ অতিথি হিচাপে উপস্থিত থাকিব কন্ঠশিল্পী মন্টু গোহাঁই,দেৱজিৎ বৰা আৰু দিপু দীক্ষিত। উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ স্থানীয় ৰাইজ,দল-সংগঠন সকলোৰে সহায় সহযোগিতা ধনশিৰি মহকুমা ডিজিটেল সাংবাদিক সংস্থাৰ সভাপতি গকুল দত্ত আৰু উদীপ বৰা,উদযাপন সমিতিৰ সভাপতি চন্দ্ৰকান্ত গগৈ,যুটীয়া সম্পাদক সুনীল বৰুৱা, ৰঞ্জন গগৈয়ে আৰু সহঃ সম্পাদক ডেভিড পাতৰে কামনা কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply