পথ দুৰ্ঘটনা

লখিমপুৰ/সোণাৰি– সোমবাৰে নিশা লখিমপুৰৰ নাওবৈচা আৰু সোণাৰিত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত নিহত হয় দুজন আৰু আহত ১জন। নাওবৈচাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইক আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষ হৈ থিতাতে নিহত হয় দুই বাইক আৰোহী ওমৰ ফাৰুক (২০) আৰু ম‌ইদুল ইছলাম (২১)। গুৰুতৰভাৱে আহত আনজন বাইক আৰোহী আৰফান মিৰ্জা (৩৮)। লখিমপুৰ অভিমুখী এখন বাইকে পিছফালৰ পৰা এখন ট্ৰেক্টৰক খুন্দিয়াই লালুক অভিমুখী আন এখন বাইকক খুন্দিওৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।চিকিৎসালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা । বাইক দুখনৰ নম্বৰ ক্ৰমে AS 07 K 3063 আৰু AS 07 K 4485।নিহত ওমৰ ফাৰুকৰ ঘৰ লখিমপুৰ নগৰৰ পূব চান্দমাৰিত আৰু ম‌ইদুলৰ ঘৰ লালুকৰ কাঁহিপৰাত।আহত আৰফান মিৰ্জাৰ ঘৰ লখিমপুৰ নগৰৰ ৭ নং ৱাৰ্ডত।

ঘটনাস্থলীত নাওবৈচা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত লোক তিনিজনক ততাতৈয়াকৈ নাওবৈচা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি ঘোষণা কৰে।

আনহাতে, সোণাৰিত গড়কাপ্তানী বিভাগৰ হেমাহিৰ বাবেই সোণাৰিৰ দিচাংপানী দলঙত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দিচাং নদীৰ ওপৰত থকা দলঙৰ পকা ৰেলিঙ ভাঙি নদীত পৰেএখন ট্ৰেভেলাৰ। দুৰ্ঘটনাৰ ফলত কথমপি ৰক্ষা পৰিছে ১৮ জনকৈ আৰোহীৰ। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেভেলাৰ খনৰ নম্বৰ AS06 AC 8156 ।

জানিব পৰা মতে ডিব্ৰুগড়ত অসম চাহ কৰ্মচাৰী সংঘৰ শ্ৰমিক গৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰপৰা নদীত পৰে গাড়ীখন। খনা চাহ বাগিচাৰ ১৮ জনকৈ শ্ৰমিক আছিল ট্ৰেভেলাৰখনত।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰতে থকা গাঁওৰক্ষী বাহিনীৰ লোকে ততাতৈয়াকৈ নদীৰ পৰা উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক। ফলত কথমপি প্ৰাণৰক্ষা হয় আৰোহীকেইজনৰ। অত্যধিক পৰিমাণৰ গতিৰোধক দিয়াৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা। দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰা দলংখনৰ সুৰক্ষাৰ বাবে পথৰ ওপৰত জধে মধে গতিৰোধক দিয়াৰ সলনি দলংখন পুনৰ মেৰামতি কৰিবলৈ বহুবাৰ আহ্বান জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত এনে ধৰণৰ দুৰ্ঘটনা সময়ে সময়ে সংঘটিত হৈ অহা বুলি স্থানীয় লোকে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply