গুৱাহাটী – কালি নাগালেণ্ডৰ গাওঁৰক্ষী বাহিনীৰ ওচৰত আত্মসমৰ্পন কৰিছে ৩ আলফা কেডাৰে। নাগালেণ্ডৰ মন জিলাৰ খুয়েং লেংপুং থানাত কালি পুৱা ৫.২০ ত আত্মসমৰ্পন কৰিছে এই আলফা কেডাৰ তিনিগৰাকীয়ে।
আলফা কেডাৰ কেইগৰাকী ক্ৰমে গোৱালপাৰা জিলাৰ কুনাল অসম (৩২), তিনিচুকীয়াৰ কচুজানৰ ৰুচানা অসম (৪০) আৰু চৰাইদেউ জিলাৰ লাচিত অসম (২৫) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি আলফা কেডাৰকেইগৰাকীক জেৰা চলাই থকা হৈছে।