নাগালেণ্ড বিধানসভাত দেশৰ ৰাষ্ট্ৰীয় সংগীত Credit: টুইটাৰ

নিউজ ডেস্ক: নাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হ’ল দেশৰ ৰাষ্ট্ৰীয় সংগীত । ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড পৃথক ৰাজ্য হিচাপে গঠন হোৱাৰ পাছত ১২ ফেব্ৰুৱাৰি, ২০২১ত প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

ৰাজ্যপাল আৰ এন ৰবিৰ ভাষণৰ আগত আৰু পাছত সদনত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। দেশৰ বিশিষ্ট সুৰক্ষা বিষয়ৰ বিশ্লেষক নিতিন এ গোখলেই টুইটাৰ যোগে শ্বেয়াৰ কৰিছে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ ভিডিঅ’।

বিধানসভাৰৰ সচিৱ ড০ পি জে এণ্টনীয়ে নাগালেণ্ডৰ বিধানসভাত আগতে কিয় ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা নাছিল সেই সম্পৰ্কে তেও অজ্ঞ বুলি উল্লেখ কৰে।

নাগালেণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনাই নাগালেণ্ডৰ বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা কাৰ্যক ঐতিহাসিক আখ্যা দিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply