নাজিৰা- চৰকাৰী পৰিবহন ব্যবস্থা টনকীয়াল কৰা বুলি বিভাগে প্ৰচাৰ চলাই থকাৰ বিপৰীতে অসম ৰাজ্যিক পৰিবহন নিগমৰ শোচনীয় ব্যবস্থাই জ্বলাকলা খুৱাইছে ৰাইজক |
মহানগৰ কেন্দ্ৰীক উন্নয়নৰ বাহিৰে মফচলীয় অঞ্চলবোৰৰ চৰকাৰী পৰিবহন ব্যবস্থাটো মুঠেই উপযোগী হৈ থকা নাই | চৰকাৰী ধনৰ অপচয় কৰি লাখ লাখ টকাৰ শৰাধ কৰাৰ বাহিৰে সৰু সৰু অঞ্চলবোৰত চৰকাৰী পৰিবহন ব্যবস্থাটো আজিও সুচল হৈ নুঠিল |
নাজিৰাৰ বৰতলা স্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্য্যালয়টো লক্ষ্য লক্ষ্য টকা ব্যয়ৰে নিৰ্মাণ কৰাৰ পিছত যোৱা প্ৰায় দহ বছৰ ধৰি পৰিত্যক্ত অৱস্থাতেই আছে |যাৰ ফলত কাৰ্য্যালয়টো অপৰাধীৰ ৰম্য ভুমিলৈ পৰিণত হৈছে ৷

নাজিৰাৰ ৰে’ল ষ্টেচনৰ সমীপত কোটি কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে অসম ৰাজ্যিক পৰিৱহণ বিভাগৰ গৃহটি নিৰ্মাণ কৰিছিল যদিও আজিকোপটি কোনোধৰণৰ ব্যৱহাৰৰ উপযোগী হৈ নুঠিল।ফলত নৱনিৰ্মিত নাজিৰাৰ অসম ৰাজ্যিক পৰিৱহন নিগম গৃহটিত হাবি-জংঘলে আৱৰি ধৰিছে |ইয়াৰ বিপৰীতে বৰ্তমান সময়ত সাধাৰণ ঘৰতেই চলি আছে নাজিৰাৰ অসম ৰাজ্যিক পৰিবহন নিগম ৷

নৱনিৰ্মিত নাজিৰাৰ অসম ৰাজ্যিক পৰিৱহন নিগম গৃহটিত হাবি-জংঘলে আৱৰি ধৰাৰ লগতে সেই স্থান পৰিবহন নিগমৰ বাছৰ পৰিবৰ্তে নাজিৰাৰ যান-বাহনৰ পাৰ্কিং জ’নলৈ পৰিবৰ্তিত হৈছে | কোনো গুৰুত্ব নাই বিভাগটোৰ | নাজিৰাবাসীৰ এনেবোৰ সমস্যাৰ পৰা কেতিয়া উদ্ধাৰ পাব সিও বৰ্তমান সময়ত লাখটকীয়া প্ৰশ্ন |