নাজিৰা– নাজিৰাৰ বালিঘাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ আহি থকা অৱস্থাত শিমলুগুৰি আৰক্ষীয়ে জব্দ কৰে ১০ কে.জি গাঞ্জা। নাজিৰা বালিঘাট তিনিআলিত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। শিমলুগুৰি আৰক্ষীয়ে ১০কেজিৰ গাঞ্জা খিনি জব্দ কৰাৰ লগতে আটক কৰে এজন গাঞ্জাব্যৱসায়ীক।
আটক কৰা ব্যৱসায়ীজনৰ নাম ইমৰাণ আলী। শিমলুগুৰিৰ এজন ব্যক্তিক গাঞ্জাখিনি দিবলৈ আহিছিল বুলি মন্তব্য কৰে ইমৰাণ আলিয়ে। ইমৰাণ আলি ঘৰ শিমলুগুৰিৰ চন্টকত। শিৱসাগৰ নগৰৰ পৰা AS – 04-AC-3673 নম্বৰ টাটা এচি গাড়ীত শিমলুগুৰিলৈ কঢ়িয়াই আনিছিল ১০কেজিৰ ওজনৰ গাঞ্জাখিনি ।