নাজিৰা: নাজিৰাৰ বালিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ONGC ট্ৰেইলাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী।আজি দুপৰীয়া সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
আৰোহী জনৰ নাম ডিম্পুল শইকীয়া বুলি চিনাক্ত হৈছে। নিহত যুৱকজনৰ ঘৰ শিমলুগুৰিৰ লোণ পুৰীয়াৰ ভুতৰ বাৰীত বুলি জানিব পৰা গৈছে।
AS 04 V 4413 নম্বৰৰ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল আৰু ONGCৰ AS 04 AC 9469 নম্বৰৰ টাটা ট্ৰেইলাৰৰ মাজত এই সংঘৰ্ষ।
ঘটনাস্থলীৰ পৰা পলায়ন ONGC ট্ৰেইলাৰৰ চালকৰ লগতে হেণ্ডিমেন।
পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজনক ONGC ট্ৰেইলাৰখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত থিতাতে নিহত হয় যুৱকজন।