গোলাঘাট: গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভৰাণ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অভৰাণ্যখনৰ ভিতৰ ভাগত উদ্বাৰ হৈছে যুবক যুবতীৰ মৃতদেহ।
প্ৰাথমিক তদন্তত নিহত যুবক যুবতী দ্বয় প্ৰেমিক প্ৰেমিকা বুলি সন্দেহ। যুবক মইনুদ্দিন আলী ওৰফে মুন্নাৰ ঘৰ যোৰহাট জিলাৰ বেকাজানত আৰু যুৱতী দেবজানী নেওগৰ ঘৰ তিতাবৰত।
পৰিয়ালৰ সুত্ৰই জনোৱা মতে দুয়ো কালিয়েই ঘৰৰ পৰা ওলাই অহাৰ পিছতেই তেওলোকে আত্মহণনৰ বাবে ওলাই যোৱা বুলি মুন্নাই ভায়েকক জনাই | ইয়াৰ পিছতেই বিচাৰ খোচাৰ কৰি আৰক্ষীৰ জৰিয়তে জানিব পাৰি দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে অভয়াৰণ্য খনত |
আৰক্ষীয়ে দন্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্বাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।