নামৰূপ:- নামৰূপত ভাৰতীয় সেনাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এন এছ চি এন-ইউ এজন দুৰ্ধৰ্ষ কেডাৰক। গ্রেপ্তাৰ হোৱা কেডাৰজনৰ নাম ডেনিয়েল ল’থা বুলি জানিব পৰা গৈছে। যোৱা সময়চোৱাত এন এছ চি এন-ইউত নিযুক্তি প্রক্রিয়াত সক্রিয়ভাৱে জড়িত আছিল ডেনিয়েল ল’থা। তদুপৰি ধন দাবীৰ বহুকেইটা ঘটনাৰ সৈতেও জড়িত আছিল ডেনিয়েল।
কেডাৰজনৰ পৰা জব্দ কৰা হৈছে বহুকেইটা মাৰণাস্ত্র। অৰুণাচল-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত চলাই থকা সন্ত্রাসমূলক কাৰ্যৰ সৈতেও জড়িত থকা বুলি প্ৰকাশ | এন এছ চি এন-ইউৰ এক গুৰুত্বপূৰ্ণ পদবীতো আছিল ডেনিয়েল ল’থা।