গুৱাহাটী– নাহৰকটীয়াত সেনা-আৰক্ষীৰ যুটীয়া অভিযান। অভিযানত গ্ৰেপ্তাৰ এন এছ চি এন খাপলাং গোটৰ এজন অস্ত্ৰ সৰবৰাহকাৰী। বুধবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে লোকজনক । ধৃতলোক জন শিৱসাগৰ নামতি চাৰিআলিৰ ছাজিদ আলী। অসম-নাগালেণ্ড সীমান্তত আলীয়ে অস্ত্ৰ যোগান দিবলৈ অহাৰ খবৰ পোৱাৰ পিছতে সেনাই আলীক আটক কৰিবলৈ সক্ষম হয়।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে লোকজনৰ পৰা সেনাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। আটক কৰাৰ পিছত সেনাই লোক জনক নাহৰকটীয়া আৰক্ষী থানাত চমজাই দিয়ে।
বাৰিষাৰ আগমণৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৱে অসমৰ একাংশ স্থানীয় লোকক ব্যৱহাৰ কৰি খাদ্য, অস্ত্ৰ , ধন আদি সংগ্ৰহ কৰি আহিছে।লোক জনে দীৰ্ঘ দিন ধৰি NSCN(K) ৰ হৈ অস্ত্ৰ সৰবৰাহ কৰি আহিছিল বুলি জনা গৈছে।