নাৰায়ণপুৰ: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী । ৰাজ্যখনৰ চৌদিশে চলিছে ভোগালী বিহুৰ প্ৰস্তুতি । নাৰায়ণপুৰৰ পথালি পাহাৰত পিঠাগুৰি মিচিং গাঁৱত বিশ্বত্ৰাস ক’ৰোনা ভাইৰাচৰ ৰূপত নিৰ্মাণ কৰিছে ভেলাঘৰ ৷
স্বচ্ছতাক বিষয় হিচাপে লৈ প্ৰতিবছৰে গাঁও আৰু দোকান বজাৰৰ পেলনীয়া প্লাষ্টিক আৰু জাঁৱৰ জোথৰেৰে এশ এটা মেজি তৈয়াৰ কৰাৰ লগতে মুল আকৰ্ষণ ৰূপে নিৰ্মাণ কৰি আহিছে বিভিন্ন আকৃতিৰ ভেলাঘৰ । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় । অঞ্চলটোৰ ৰাইজৰ সহযোগত গাঁও খনৰ লোক সকলে এশ টা সৰু-বৰ মেজিৰ লগতে নিৰ্মাণ কৰি উলিয়াইছে কৰোনা ভাইৰাছ সদৃশ এটা বৃহৎ আকাৰৰ ভেলাঘৰ ।
বিহুৰ দিনা পুৱা ভেলাঘৰটোত অগ্নি সংযোগ কৰি মহামাৰী ক’ৰোনাক চিৰদিনৰ কাৰণে বিদায় দিব খুজিছে ৰাইজে ৷ আনহাতে বিহুৰ দিনা পৰম্পৰাগত খেল-ধেমালিৰ উপৰি জনগোষ্ঠীয় খাদ্য সম্ভাৰ,বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে