নাৰায়ণপুৰত দেউৰীসকলৰ মাঘবিহুৰ প্ৰস্তুতি

নাৰায়ণপুৰ: অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ লোক সকলে মাঘ বিহু পালনৰ বাবে সাজু হৈছে । পৰম্পৰা অনুসৰি দেউৰী সকলে মাঘ মাহৰ প্ৰথম বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰটো জনগোষ্ঠীটোৰ লোক সকলে বিশাল আয়োজনেৰে হেঁপাহৰ মাঘ বিহু উৎযাপনৰ প্ৰস্তুতি চলাইছে । নাৰায়ণপুৰৰ কিনাপথাৰ-মাজৰ চাপৰি অঞ্চলত সোমবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু । অঞ্চলটোৰ ৫ খন গাঁৱৰ ৰাইজে একগোট হৈ বিহপুৰীয়া সমষ্টি ভিত্তিত আয়োজন কৰা মাঘ বিহুৰ কাৰ্যসূচী অনুসৰি সোমাবাৰে বিয়লি পৰম্পৰাগত নীতি-নিয়ম অনুসৰি মেজি মেলাৰ শুভাৰম্ভ কৰাৰ পিছতে মাংগলিক বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব ।

দেউৰী জনগোষ্ঠীৰ মাঘ বিহু পালন

দ্বিতীয় দিনা পুৰুষ-মহিলা উভয়ৰে মাজত মনোৰঞ্জন ধৰ্মী জাতীয় খেল সমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হ’ব । বুধবাৰে উৰুকাৰ দিনা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতাৰ পিছত বিয়লি আনন্দৰে সকলোৱে এসাঁজ ভোজ ভাত খাব ।

দেউৰী জনগোষ্ঠীৰ মাঘ বিহু পালন

কিনাপথাৰ-মাজৰ চাপৰি বাসীৰ লগতে বৰদেউৰী গাঁও,বাঁহগড়া আৰু কাচিকতা গাঁও বাসীয়ে প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে চাৰিটা বৃহৎ আকাৰৰ মেজি প্ৰস্তুত কৰাৰ লগতে স্থানীয় যুৱক সকলে তিনিটা ভেলাঘৰ,পৰম্পৰাগত চাংঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে । দেউৰী সকলৰ পৰম্পৰাগত পানীয় চুজে আৰু গাহৰি মাংসৰ উপৰি পৰম্পৰাগত খাদ্যৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply