নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দুগৰাকী মহিলা Credit: হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা উদ্ধাৰ দুগৰাকী মহিলা

গোৱালপাৰা – নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দুগৰাকী মহিলা। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিলে দুগৰাকী মহিলাক। জলেশ্বৰৰ এগৰাকী মহিলাই দুমাহ পূৰ্বে ৰাজস্থানত বিক্ৰী কৰিছিল এগৰাকী মহিলাক।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী সৰবৰাহৰ ঘটনা। একাংশ দুষ্ট চক্ৰাই বিভিন্ন প্ৰলোভনেৰে অসমৰ যুৱতী-মহিলাক বহিঃৰাজ্যত বিক্ৰী কৰাৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে আৰক্ষীয়ে বহু যুৱতী আৰু মহিলাক নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰাও পৰিলক্ষিত হয়।

এইবাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে হাৰিয়ানা আৰু ৰাজস্থানত নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই দুগৰাকী মহিলাক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মহিলা দুগৰাকীৰ ভিতৰত এগৰাকী মহিলাক জলেশ্বৰৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ এগৰাকী মহিলাই দুমাহ পূৰ্বে ফুচুলাই নি ৰাজস্থানত বিক্ৰী কৰিছিল বুলি অভিযোগ উঠিছে। আনহাতে অন্য এগৰাকী মহিলাক এবছৰ পূৰ্বে কোনো দুষ্ট চক্ৰই বিক্ৰী কৰিছিল হাৰিয়ানাত।

এই দুই মহিলাই সুযোগ বুজি নিজ গৃহত ফোন যোগে যোগাযোগ কৰে। পৰবৰ্তী সময়ত মহিলা।দুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীৰ এটা দল উপস্থিত হয় উক্ত স্থানত। লক্ষীপুৰ আৰক্ষীয়ে ফোন নম্বৰৰ সাংকেতিক চিহ্নৰ সহায়ত দুয়োগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply