গুৱাহাটী – আজি গুৱাহাটীৰ নাৰেংগীৰ সমীপৰ কলংপাৰ বজাৰত গো-মাংসক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিযোগ অনুসৰি, বজাৰখনত দীৰ্ঘদিনৰ পৰাই গোপনে এজন মাংস ব্যৱসায়ীয়ে গো-মাংস বিক্ৰী কৰি আহিছিল৷ বজাৰখনত থকা এখন মুৰ্গী মাংসৰ দোকানত গোপনে বিক্ৰী কৰা হৈছিল গো-মাংস৷ এই গো-মাংস বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাত বজাৰলৈ অহা ব্যক্তিসকলৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি হয়৷ উত্তেজিত ৰাইজে বিপণীখনৰ পৰা গো-মাংস উদ্ধাৰ কৰে৷
ইফালে এই কথা পোহৰলৈ অহাৰ লগে লগে বজাৰত থকা ব্যক্তিসকলে মাংসৰ বিপণীখন ভাঙি লণ্ড-ভণ্ড কৰে৷ অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ নুনমাটি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে বিক্ৰীৰ বাবে মজুত কৰি ৰখা গো-মাংসখিনি জব্দ কৰে আৰক্ষীয়ে। গো-মাংস বিক্ৰেতাজনকো আৰক্ষী নিজৰ জিম্মাত লয় বুলি জানিব পৰা গৈছে।