বিশ্বনাথ- বিশ্বনাথ জিলাৰ মহকুমা গহপুৰত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হব নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন।
বিশ্বনাথ জিলাৰ মহকুমা গহপুৰৰ বৰপুখুৰী মুংখুলুং পথাৰত অহা ২৯ ৰ পৰা ৩১ জানুৱাৰী ২০২১ ত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব |
এইলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে বিশ্বনাথ জিলা সমিতিয়ে। আগন্তুক অধিবেশনখনৰ বুধবাৰে বৰপুখুৰী মুংখুলুং পথাৰত লাই খুটা স্থাপনেৰে শুভাৰম্ভ কৰে আয়োজক সমিতিয়ে। উক্ত অধিবেশন প্ৰায় ২ হেজাৰ বিঘা ভূমি সামৰি বৃহৎ প্ৰস্তুতিৰে কৰাৰ লগতে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিয়ে ভাগ লব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লাইখুটা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়ো, চুনীলাল বসুমতাৰী সহ বহ লোক উপস্থিত থাকে |