ৰূপহীহাট – নুৰুল হুদা গ’ বেক, নুৰুল হুদা মুৰ্দাবাদ, নিজ সমষ্টিতে বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। জৰাজীৰ্ণ পথ নিৰ্মাণৰ নামত কেইগাড়ী মান শিলগুটি পেলাই দায়িত্ব সমৰিলে বিধয়াক নুৰুল হুদাই।
ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত এটা বিশেষ পথ। দীৰ্ঘদিন ধৰি জুৰীয়া-চতিয়ানবাসী ৰাইজক জলাকলা খুৱাই আহিছে জৰাজীৰ্ণ পথছোৱাই। সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ প্ৰতি পিঠি দি অহা বিধায়ক নুৰুল হুদাই নিৰ্বাচনী চমক দিয়াৰ উদ্দেশ্য জৰাজীৰ্ণ পথটি নিৰ্মাণৰ নামত বিধায়ক পুজিঁৰ ধনেৰে মাত্ৰ কেইগাড়ী মান শিলগুটি পেলাই বিধায়ক গৰাকীয়ে নিজৰ দায়িত্ব সামৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।
জুৰীয়া আৰু চতিয়ানৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথটোৰ কাষতে আছে কেইবাখনো বিদ্যালয় লগতে স্বাস্থ্য কেন্দ্ৰ।দুমাহ পূৰ্বে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বিধায়ক পুজিঁৰে নিৰ্মাণ কৰা হৈছিল এই পথটি কিন্তু পথটিৰ নিৰ্মাণৰ নামত কেৱল মাত্ৰ শিলগুটি পেলায়ে দায়িত্ব সামৰিলে ঠিকাদাৰে। যাৰ ফলত শিলগুটিৰ বাবেই বৃদ্ধ , ছাত্ৰ-ছাত্ৰী, ৰোগী, গৰ্ভৱতী মহিলাৰ লগতে ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
পথ মেৰামতিৰ নামত সংঘটিত দূৰ্নীতিৰ প্ৰতিবাদত বিধায়কৰ বিৰুদ্ধে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নুৰুল হুদা গ’ বেক ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে পথটি যাতায়তৰ উপযোগী কৰি নিৰ্মাণ কৰাৰ দাবী জনাইছে।