গুৱাহাটী : সমস্যাবহুল অসম ৰাজ্যৰ অৰ্থ-সামাজিক বিকাশৰ প্ৰধান অন্তৰায় সমূহ কি? আৰু অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে ইয়াৰে কোনটো সমস্যাক কেনেদৰে মোকাবিলা কৰা হ’ব? – মূলত: এই দুটা বিষয় নিশ্চিত কৰিবৰ বাবে গঠন কৰি দিয়া অসম জাতীয় পৰিষদৰ ‘আৰ্থ সামাজিক পৰিচালনা আৰু উন্নয়ন উপদেষ্টা পৰিষদ ৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়।
স্বনামধন্য অসম সন্তান, বিশিষ্ট অৰ্থনীতিবিদ , বিশ্ববেংকৰ প্ৰাক্তন বিষয়া তথা প্ৰাক্তন উচ্চায়ুক্ত ড° জৈমিনী ভাগৱতীৰ অধ্যক্ষতাত বহা প্ৰথম বৈঠকখনত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ডি এন শইকীয়া, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক হৰেন্দ্ৰনাথ ভূঞা, বিশিষ্ট কৃষি বিজ্ঞানী ড° শৰৎ শইকীয়া, অৱসৰপ্ৰাপ্ত কৰ আয়ুক্ত যোগেশ চন্দ্র পেগু, উত্তৰ-পূব কৃষি বিপনন নিগমৰ পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ সিনহা, তৈল খণ্ডৰ বিশেষজ্ঞ ভূপতি কুমাৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° অলক বুঢ়াগোহাঁই, পশু চিকিৎসা বিশেষজ্ঞ ড° এম আই বৰবৰুৱা, চাটাৰ্ড একাওন্টেন্ট সৌমিত্র দাস, বিশিষ্ট উদ্যোগী ত্ৰিদীপ শৰ্মা, গণসংযোগ বিশেষজ্ঞ বেদব্ৰত বৰা আইনী বিশেষজ্ঞ ভূৱন চন্দ্র বৰুৱাৰ লগতে অসম জাতীয় পৰিষদৰ দুই মূখ্য উপদেষ্টা বসন্ত ডেকা আৰু ড° কৃষ্ণগোপাল ভট্টাচার্যই অংশগ্ৰহণ কপে।
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰুচজাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক সৌমিত্র ভূঞা, অষ্টেলিয়াৰ পৰা মনচাহ বিশ্ববিদ্যালয়ৰ গৱেষক চাহীন আহমেদ, বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ড° সীমান্ত জি শৰ্মাসহ বিভিন্ন খণ্ডৰ কেইবাগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে ভিডিঅ কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে।
আজিৰ বৈঠকত আলোচকসকলে অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু অন্য সামাজিক সমস্যাসমূহ এটা এটাকৈ আলোচনা কৰি কোনটো সমস্যা সমাধানৰ সৰ্বোৎকৃষ্ট উপায় কি হ’ব পাৰে, তাৰ ওপৰত আলোচনা কৰে। উল্লেখযোগ্য যে প্ৰতিগৰাকী আলোচকেই ৰাজ্যৰ নিৱনুৱা সমস্যাক অৰ্থনৈতিক বিকাশৰ অন্যতম প্ৰধান অন্তৰায় হিচাপে চিহ্নিত কৰে আৰু ৰাজ্যবাসীৰ কৰ্মক্ষমতা আৰু কাম কৰাৰ সুযোগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা হিতাধিকাৰী সৃষ্টি আচনিসমূহৰ প্ৰয়োগে ৰাজ্যত কৰ্মহীন লোকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মহীনতাৰ এটা সংস্কৃতি গঢ়িব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ হাৰ অধিক নিম্নগামী হ’ব বুলি আলোচকসকলে মত প্ৰকাশ কৰে। সেয়ে ৰাজ্যত কৰ্মসংস্কৃতি গঢ়াৰ লগতে নিয়োগ সৃষ্টিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ পৰিৱেশ গঢ় দিয়াটো জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য হ’ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে।
অধ্যক্ষ ড° জৈমিনী ভাগৱতীয়ে নিৱনুৱা সমস্যা সমাধান কৰোটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি লগতে অৰ্থনৈতিক সম্পদ গঠনৰ ওপৰতো গুৰুত্ব প্ৰদানেৰে কয় যে যেতিয়ালৈকে ৰাজ্যখনৰ আয়ৰ পৰিমাণ খৰছতকৈ অধিক নহ’ব তেতিয়ালৈকে অৰ্থনৈতিক বিকাশ বাধাপ্রাপ্ত হৈয়ে থাকিব।