নিউজ ডেস্ক : শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগত তিনিটা গে’ষ্ট ফেকাল্টি পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। অৰ্হতাসম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে ১১ আগষ্টৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব লাগিব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিষয়ত ৫৫ শতাংশ নম্বৰৰ সৈতে স্নাতকোত্তৰ ডিগ্ৰী থকাৰ উপৰি বিশ্ববিদ্যালয় অনুদান আয়োগে অনুষ্ঠিত কৰা NET পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
অনলাইন সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীক নিৰ্বাচিত কৰা হ’ব।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে যাৱতীয় ডকুমেণ্টছসহ তেওঁলোকৰ আৱেদন অসম বিশ্ববিদ্যালয়ৰ ৱেবছাইট বা spsingh.hin@gmail.com-ত প্ৰেৰণ কৰিব পাৰে।
অসম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মূৰব্বীয়ে অনলাইন সাক্ষাৎকাৰৰ লিংক প্ৰদান কৰিব।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক