নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ প্ৰিয়ংকা গান্ধী Credit: ২৪ফেব্ৰুৱাৰীত তেজপুৰত জনসভাত অংশ ল'ব প্ৰিয়ংকা গান্ধীয়ে

তেজপুৰ: কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী। তেজপুৰত এক বিশাল জনসভাত অংশ লব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত তিনিখনকৈ জনসভা অনুষ্ঠিত কৰিব কংগ্ৰেছে।ইতিমধ্যে ৰাহুল গান্ধীৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত হৈছে এখন জনসভা। প্ৰিয়ংকা গান্ধীৰ অহাৰ পাছতে আৰু এখন বিশাল জনসভা অনুষ্ঠিত হব অসমত। সম্বোধন কৰিব প্ৰিয়ংকা অথবা ৰাহুল গান্ধীয়ে।

এই সম্পৰ্কে শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হয় । বৈঠকত সাংসদ প্ৰদ্যুত বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ভাগ লৈ শোণিতপুৰ , দৰং আৰু বিশ্বনাথ জিলাৰ কংগ্ৰেছৰ কৰ্মী সকলৰ লগত আলোচনা মিলিত হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply