গুৱাহাটী – আগন্তক অসম বিধানসভা নিৰ্বাচনৰ পুর্বে অসম গণ পৰিষদত খহনীয়াৰ ইংগিত দিলে পবিন্দ্ৰ ডেকাই। অসম গণ পৰিষদৰ ৪-৫ জন বিধয়াক অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি পবিন্দ্ৰ ডেকাই মন্তব্য প্ৰকাশ কৰিছে। বিজেপি দলৰো ১৫ গৰাকী সদস্যই অসম জাতীয় পৰিষদত যোগদান কৰাৰ বাবে যোগাযোগ চলাই থকা বুলিও জানিবলৈ দিয়ে পবিন্দ্ৰ ডেকাই।
অসম বিধনাসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে আগন্তক বিধানসভা নিৰ্বাচনকলৈ। ৰণকৌশল আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে। নিৰ্বাচনী প্ৰচাৰো চলাই থকা পৰিলক্ষিত হৈছে দল সমূহে। ইয়াৰ মাজতে চলিছে দল বাগৰাৰ ৰাজনীতি।
নিৰ্বাচনৰ পূৰ্বে বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলত চলাইছে যোগদান পৰ্ব। ইয়াৰ মাজতে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰতিও আকৰ্ষিত হোৱা দেখা গৈছে বহু লোক। বিগত কিছুদিন ধৰি বহু লোকে যোগদান কৰিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলত।
ইফালে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ। অজন্তা নেওগৰ সমান্তৰালে বহু তৃণমূলৰ কংগ্ৰেছ কৰ্মীও বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ গেৰুৱা টুপী পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।
এইবাৰ অসম গণ পৰিষদ আৰু বিজেপি ত্যাগ কৰাৰ বাবে বহু বিধায়ক আৰু কৰ্মীয়ে প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিছে অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই। পবিন্দ্ৰ ডেকাই জানিবলৈ দিয়ে যে অসম গণ পৰিষদৰ ৪-৫ গৰাকী বিধায়কে অতি শীঘ্ৰে যোগদান কৰিব অসম জাতীয় পৰিষদত।
অসম গণ পৰিষদৰ বিধায়কৰ লগতে বিজেপি দলৰ প্ৰায় ১৫ গৰাকী সদস্যই অসম জাতীয় পৰিষদ দলত যোগদান কৰাৰ বাবে যোগাযোগ চলাই থকা বুলিও জানিবলৈ দিয়ে পবিন্দ্ৰ ডেকাই। আগন্তক ২০-২৫ দিনৰ ভিতৰত অসম গণ পৰিষদ আৰু বিজেপিৰ লোক সকল অসম জাতীয় পৰিষদ দলত যোগদান কৰিব বুলিও মন্তব্য কৰে পবিন্দ্ৰ ডেকাই।
অৱশ্যে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা ব্যক্তি সকলক দলত যোগদান কৰা সন্দৰ্ভত অসম জাতীয় পৰিষদ দলে সিদ্ধান্ত গ্ৰহণ কৰিব। অসম গণ পৰিষদৰ বিধায়ক আৰু বিজেপিৰ সদস্য অসম জাতীয় পৰিষদত যোগদনা কৰিব বিচৰা কথাটো ৯৯.৯ শতাংশ সত্য বুলি কয় পবিন্দ্ৰ ডেকাই।