বিশ্বনাথ: নিৰ্বাচন সমাগত এইকেইটাদিন আধাৰশিলাৰ ধুম চৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত I অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই মঙলবাৰে গৃহ সমষ্টি বিহালীত অসম চৰকাৰৰ কেইবাটাও আচঁনিৰ আধাৰশিলাৰ শুভউদ্ধোধন কৰে । অসম দর্পন আচনিৰ অধীনত বিহালীৰ মলেশ্বৰ দেৱালয় শিব মন্দিৰৰ ভৱনৰ আধাৰ শিলা স্থাপন কৰাৰ পাচত বতীয়ামাৰী চেন্টাৰৰ পৰা ঢাকাল গাৱলৈকে ফেৱাৰ ব্লকৰ ৰাস্তাৰ আধাৰ শিলা আৰু বৰাজুলিত আন এটা আধাৰ শিলা স্থাপন কৰে I
তাৰ পিচত জয়মতী ৰংগমঞ্চৰ নৱ নির্মিত গৃহৰ উদ্ধোধন কৰি ৰাজহুৱা সভাত অংশ গ্রহন কৰে | সভাত বিহালী বিজেপি মণ্ডলৰ সভাপতি লাচিত বৰা,নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেবী,নিজ বিহালী গাও পঞ্চায়তৰ প্রেমকান্ত চেত্রী,বতীয়ামাৰী গাও পঞ্চায়তৰ সভানেত্রী ফুলমনি দাস,বিজেপি কর্মী কুমুদ শইকীয়া আদিয়ে অংশ গ্রহন কৰে I