নিউজ ডেস্ক– নিৰ্বাচন আয়োগে দেশৰ নিৰ্বাচন ব্যবস্থাত প্ৰৱাসীসকলকো জড়িত কৰিব বিচাৰি এক যুগান্তকাৰী সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। ২০২১ বৰ্ষত হ’বলগীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচনত ইয়াৰ প্ৰয়োগ কৰিবব বাবে প্ৰচেষ্টা হাতত লৈছে। নিৰ্বাচন আয়োগৰ মতে, অসম পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনত নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰ  ব্যৱস্থা প্ৰবাসী ভাৰতীয় সকললৈও সম্প্ৰসাৰণ কৰিব বিচাৰিছে।

এই সম্পৰ্কে ইতিমধ্যে এক প্ৰস্তাৱ আগবঢ়াই নিৰ্বাচন আয়োগে আইন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। এই তথ্য প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগৰ এগৰাকী মুখপাত্ৰই। বৰ্তমান সময়ত আয়োগে প্ৰেৰণ কৰা প্ৰস্তাৱ আইন মন্ত্ৰণালয়ৰ বিবেচনাধীন হৈ আছে।

নিৰ্বাচন আয়োগে এই নিয়ম প্ৰযোজ্য কৰিবলৈ হলে Conduct of Election Rules 1961ত সংশোধনী আনিব লাগিব। Electronically Transmitted Postal Ballot System শীৰ্ষক এই ব্যৱস্থাত বেলট ইলেকট্ৰনিক মাধ্যমৰে প্ৰেৰণ কৰা হ’ব; কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰবাসী ভাৰতীয়জনে ডাকযোগ বেলট পেপাৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচন আয়োগে আশা কৰিছে এনে ব্যবস্থা কাৰ্যকৰী কৰিব পাৰিলে দেশৰ নিৰ্বাচন ব্যবস্থাই আন এক মাত্ৰা পাব বুলি আশা কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply