হোজাই – নীলবাগানত হবিব মোহাম্মদ চৌধুৰী ফেন্স ক্লাব গঠন৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক বিনামূলীয়া কম্পিউটাৰ বিতৰণ। ৫০০ দৰিদ্ৰ লোক বিতৰণ কৰা হ’ল একোখনকৈ কম্বল৷
‘ভয়ৰ পৰা স্বাধীনতা’ৰ শ্ল’গান লৈ ৰাজ্যৰ চুকে কোনে সভা-সমিতি অনুষ্ঠিত কৰা হবিব মোহাম্মদ চৌধুৰীৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় শুকুৰবাৰে হোজাই জিলাৰ নীলবাগানত। উক্ত সভাতে গঠন কৰা হয় হবিব মোহাম্মদ চৌধুৰী ফেন্স ক্লাব।
সভাত নীলবাগানৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক ১৫ টা কম্পিউটাৰ বিতৰণ কৰে হবিব মোহাম্মদ চৌধুৰী ফেন্স ক্লাবে৷ কম্পিউটাৰ বিতৰণৰ লগতে সভাত ৫০০ দৰিদ্ৰ লোকক বিতৰণ কৰা হয় একোখনকৈ কম্বল৷
সভাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সত্যৰঞ্জন বৰা আৰু শিলাদিত্য দেৱে বিভিন্ন সময়ত প্ৰদান কৰি অহা সাম্প্ৰদায়িক মন্তব্যক কঠোৰ সমালোচনা কৰি হবিব মোহাম্মদ চৌধুৰীয়ে নিজকে বিজেপিৰ এজেন্ট নহয় বুলি দাবী কৰে৷ উল্লেখ্য যে হবিব মোহাম্মদ চৌধুৰী বিজেপিৰ এজেন্ট বুলি বিভিন্ন সময়ত প্ৰচাৰ হোৱা দেখিবলৈ পোৱা যায়।
ইফালে সভাত তিনি-চাৰিঘন্টা বহি অৱশেষত এখন নিম্ন মানদণ্ডৰ কম্বল লাভ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে৷ নিম্নমানৰ কম্বল বিতৰণ কৰাকলৈ নীলবাগানত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷