মৰিয়নীঃ মৰিয়নী নকছাৰী নাগিনীজান চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিছাৰ বিলবস্তিত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা। বাগিচাখনৰ লক্ষীৰাম কৰ্মকাৰ নামৰ ব্যক্তিজনে পত্নী চম্বাৰী কৰ্মকাৰক শাৰিৰীক নিৰ্যাতন চলাই হত্যা কৰে।

মহিলাগৰাকীৰ দেহত আঘাত কৰাৰ লগতে হানি খুচি নৃশংস ভাৱে হত্যা কৰে স্বামী লক্ষীৰাম কৰ্মকাৰে। আনহাতে, হত্যাকাৰী স্বামীয়ে নিশায়ে পত্নীক হত্যা কৰি পুৱা মৃতদেহটো সৎকাৰৰ বাবে যোঁ-জা কৰোতে লক্ষীৰামৰ আচৰণত আৰু মৃতদেহটোৰ শৰীৰত গুৰুত্ব আঘাতৰ চিন থকাত মৃত চম্বাৰী কৰ্মকাৰৰ পৰিয়ালৰ লোকে দেবেৰাপাৰ আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে পত্নী হত্যাকাৰী স্বামী লক্ষীৰাম কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, লক্ষীৰামে মদ্যপান কৰি আহি দীৰ্ঘদিনে পত্নী চম্বাৰী কৰ্মকাৰৰ লগত কাজিয়াত লিপ্ত হৈ অহা লগতে নিৰ্মম শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলি ওচৰ চুবুৰীয়া একাংশই অভিযোগ কৰিছে। আনহাতে, যোৱা কালি কাজিয়াই চূড়ান্ত ৰূপ লোৱাত হত্যাৰ বলি হয় পত্নী চম্বাৰী কৰ্মকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply