নিউজ ডেক্স:- সাম্প্ৰতিক সময়ত অসম প্ৰদেশ কংগ্ৰেছত সভাপতি কেন্দ্ৰীক বিসম্বাদে দলটোৰ ভিতৰচ’ৰাত যে ক্ষতি কৰিছে বুলি মানে বহুজনেই | ইয়াৰ মাজতে কংগ্ৰেছ হাইকামান্ডে বিষয়টোক লৈ কোনো গুৰুত্ব নিদিয়াত দলীয় নেতা কৰ্মীৰ মাজত বিসম্বাদে ভয়াবহ ৰূপ লৈছে |

এনে সময়তো দলে যদি সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ দিয়ে তাৰ বাবে সাজু নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ । দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব প্ৰদান কৰিলে নিশ্চিত ভাৱে গ্ৰহণ কৰিব কংগ্ৰেছৰ নেতাজনে। ইয়াৰ বাবে দিল্লীত তৈল্যমৰ্দন নকৰে | বৰ্তমানৰ সভাপতিৰো বিৰোধিতা নকৰে । বৃহস্পতিবাৰে দিল্লীৰ যন্তৰ মন্তৰত হোৱা কৃষকৰ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে নগাঁৱৰ সাংসদ গৰাকীয়ে।

সদ্য সমাপ্ত BTC নিৰ্বাচনত কংগ্ৰেছ- AIUDFমিত্ৰতাই বৰুকৈয়ে মুখ থেকেচা খোৱাৰ সন্দৰ্ভতো মন্তব্য কৰি বৰদলৈয়ে কয় ‘AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা পৰীক্ষামূলক আছিল ইয়াৰ ফলাফল সকলোৱে দেখিলে |আগন্তুক সময়ত এনে মিত্ৰতাই নেতিবাচক ফলহে প্ৰদান কৰিব বুলি কয় | নৱগঠিত সকলো দলকে মিত্ৰজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা বহুকেইগৰাকী নেতাই দল এৰাৰ সম্পৰ্কত সাংসদ জনে কয়, অজন্তা নেওগৰ দৰে নেত্ৰীয়ে দলত্যাগ কৰিলে দলৰ বিস্তৰ ক্ষতি হ’ব, তেওঁ মনে প্ৰাণে অজন্তা নেওগ দলত থকাতো বিচাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply