নেপালী সাহিত্য সভাৰ ১৫ সংখ্যক মহাঅধিবেশন

বিশ্বনাথ- ১৫ সংখ্যক অসম নেপালী সাহিত্য সভাৰ মহাঅধিবেশন অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী ২০২১ ত বিশ্বনাথ চাৰিআলিৰ গলিয়াত সমন্বয় সাধক হৰি গজূৰেল ক্ষেত্ৰত অনুষ্ঠিত হব ।

বুধবাৰে বিশ্বনাথত আয়োজিত এক সংবাদমেল যোগে এই কথা সদৰী কৰে অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক মদন থাপাই।

অধিবেশনত অসমৰ প্ৰত্যেক জিলাৰ পৰা ৭০০প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।লগতে সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ দাৰ্জিলিংৰ এজন সাহিত্যিকক সাহিত্য সভা বটা প্ৰদান কৰা হব বুলি জনায়।ক’ভিদ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি উক্ত মহাধিৱেশন অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ব বুলি জনাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply